edhasvinilearn. think. grow
  • Home
  • Solutions
  • Videos
  • Blogs
Class 9 science assamese medium chapter 1 common questions

নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান প্ৰথম অধ্যায় আমাৰ চাৰিওকাষৰ বস্ত্তবোৰ NCERT সমাধান

Tuesday, April 19, 2022


প্ৰশ্নাৱলী

1. তলৰ কোনবোৰ পদাৰ্থ?
চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস ।

উত্তৰ: পদাৰ্থকেইটা হ'ল - চকী, বায়ু, বাদাম, ঠাণ্ডা- পানীয় ।

2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা ।
কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰৰ দূৰৰ পৰা পোৱা যায় । কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।
উত্তৰ:
তাপ পালে পদাৰ্থৰ কণাবোৰৰ গতিশক্তি বাঢ়ি যায় । গৰম খাদ্যবস্তুৰ কণাবোৰ কম সময়ৰ ভিতৰতে তাৰ চাৰিওফালে বিয়পি পৰে । গতিকে, কেইবা মিটাৰ দুৰলৈকে গোন্ধ পোৱা যায় । আনহাতে, ঠাণ্ডা বস্তুৰ কণাবোৰ সিমান দুৰলৈকে যাব নোৱাৰে । গতিকে, গোন্ধ লবলৈ ওচৰলৈ যাব লগা হয় ।

3. এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে । পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
উত্তৰ: পানীৰ কণাবোৰক অপসাৰিত কৰিবৰ বাবে ডুবাৰুৱে এজনে পানীৰ কণাবোৰৰ আন্ত: আণৱিক বলতকৈ বেছি পৰিমাণৰ বল প্ৰয়োগ কৰে । প্ৰদত্ত পৰ্যবেক্ষণটো তলৰ ধর্ম কেইটাৰ বাবে সম্ভৱ-
(i) পদাৰ্থৰ কণাবোৰৰ মাজত ব্যৱধান আছে ।
(ii) পানীৰ কণাবোৰ গোটা পদাৰ্থৰ তুলনাত কম আকৰ্ষণীয় বলেৰে বান্ধ খাই আছে ।

4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য কি কি?
উত্তৰ: পদাৰ্থৰ কণাবোৰৰ বৈশিষ্ট্যসমূহ হ'ল-
(i) পদাৰ্থৰ কণাবোৰৰ মাজত ব্যৱধান আছে ।
(ii) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে ।
(iii) পদাৰ্থৰ কণাবোৰ অনবৰতে গতি কৰি আছে ।

্ৰশ্নাৱলী



1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে । (ঘনত্ব = ভৰ/আয়তন)
তলৰ পদাৰ্থবোৰ ঘনত্বৰ উদ্ধক্ৰমত সজোৱা -
বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি , কপাহ আৰু লো ।
উত্তৰ
: পদাৰ্থবোৰ ঘনত্বৰ উদ্ধক্ৰমটো হ'ল-
বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, পানী, মৌ, কপাহ, চকমাটি আৰু লো ।

2. (a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰ:



(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া -
দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility) , প্ৰবাহিতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density) ।

উত্তৰ: দৃঢ়তা (rigidity): গোটা পদাৰ্থই দৃঢ়তাৰ বাবে, বল প্ৰয়োগ কৰিলে নিজৰ আকাৰ আকৃতি সলনি কৰিব নিবিচাৰে ।
সংকোচনশীলতা (compressibility): পদাৰ্থৰ কণাবোৰৰ মাজৰ ব্যৱধান কমোৱা এটা ধৰ্ম ।
প্ৰবাহিতা (fluidity): পদাৰ্থ এটা প্ৰবাহিত হ'ব পৰা বা আকাৰ সলাব পৰা ধৰ্ম ।
আকাৰ (shape): পদাৰ্থৰ আন্ত: আণৱিক বলৰ ওপৰত পদাৰ্থ এটাৰ আকাৰ নিৰ্ভৰ কৰে ।
গতিশক্তি (kinetic energy): পদাৰ্থৰ কণাবোৰ অনবৰতে গতি কৰি থাকে । সিহঁতি বহন কৰি থকা শক্তিক সিহঁতৰ গতিশক্তি বোলা হয় ।
ঘনত্ব (density): পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে ।

3. কাৰণ দৰ্শোৱা -
(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে ।

উত্তৰ: গেছ এটাৰ কণাবোৰ মাজৰ আকৰ্ষণ বল একেবাৰেই কম । গতিকে, কণাবোৰ যাদৃচ্ছিকভাৱে পাত্ৰটোৰ ভিতৰত ঘূৰি ফুৰিব পাৰে । সেয়ে, ৰখা পাত্ৰ এটত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে ।


(b) ধাৰক পাতৰ বেৰত গেছে চাপ দিয়ে ।
উত্তৰ: গেছ এটাৰ কণাবোৰে তীব্র বেগেৰে যাদৃচ্ছিকভাৱে ঘূৰি ফুৰে । ফলত, কণাবোৰে সঘনাই ইটো-সিটোৰ লগত আৰু পাত্ৰৰ বেৰত অনবৰতে খুন্দিয়াই থাকে । এই কণাবোৰে পাত্ৰটোৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰফলত দিয়া বলৰ বাবে গেছটোৱে পাত্ৰটোৰ বেৰত চাপ দিয়ে ।

(c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি ।
উত্তৰ: কাঠৰ টেবুল এখনৰ আকাৰ আৰু আকৃতি নিৰ্দিষ্ট । ই দৃঢ় আৰু ইয়াৰ সংহকোচণশীলতা অতি নগণ্য । গতিকে, কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি ।

(d) বায়ুত আমাৰ হাত এখন সহজে ঘূৰাব পাৰোঁ । কিন্তু, কাঠ এডোখৰৰ মাজেৰে হাত ঘূৰাবলৈ এজন কাৰাটে বিশেষজ্ঞৰ প্ৰয়োজন ।
উত্তৰ: বায়ুৰ কণাবোৰৰ মাজৰ আন্ত: আণৱিক বল বহুত কম । গতিকে, বায়ুৰ কণাবোৰক হাতেৰে অনায়াসে আতৰ কৰিব পৰা যায় ।
কিন্ত্তু, কাঠ এডোখৰৰ কণাবোৰৰ মাজৰ আকৰ্ষণীয় বল যথেষ্ট বেছি । গতিকে, কাঠডোখৰ টুকুৰা কৰিবলৈ আমি বহুত বেছি বল প্ৰয়োগ কৰিব লগা হয় ।

4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম । কিন্তু দেখিছানে - বৰফ পানীত ওপঙে, কিয় বাৰু?
উত্তৰ: বৰফৰ ভৌতিক অৱস্থা গোটা যদিও ইয়াৰ ঘনত্ব পানীতকৈ কম। কাৰণ, বৰফৰ কণাবোৰৰ মাজত ব্যৱধান পানীৰ তুলনাত যথেষ্ট বেছি । গতিকে, বৰফ পানীত উপঙে ।


প্ৰশ্নাৱলী


1. তলত দিয়া উষ্ণতাবোৰ ছেলচিয়াছ স্কেলত প্ৰকাশ কৰা -
(a) 300K (b) 573 K
উত্তৰ:
(a) 300 K = (300 - 273)ºC= 27 ºC

(b) 573 K = (573 - 273) ºC= 300 ºC.

2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব?
(a) 250 ℃ (b) 100℃
উত্তৰ:
(a) গেছীয়

(b) জুলীয়া আৰু গেছীয়

3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?

উত্তৰ: যেতিয়া এটা পদাৰ্থ ইয়াৰ গলনাংক আৰু উতলাংকলৈকে গৰম কৰা হয়, তেতিয়া পদাৰ্থটোৰ উষ্ণতা স্থিৰ হৈ থাকে । তাপ দি থকাৰ স্বত্তেও এই উষ্ণতা একে থাকে । এই তাপ পদাৰ্থটোৰ কণাবোৰৰ আকৰ্ষণীয় বল ভাঙি পদাৰ্থটোৰ ভৌতিক অৱস্থা পৰিবৰ্তনৰ বাবে ব্যৱহৃত হয় ।

4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা ।
উত্তৰ: উচ্চ চাপ আৰু ন্যূনতম উষ্ণতাত বায়ুমণ্ডলীয় গেছক ৰাখিলে কণাবোৰৰ মাজৰ ব্যৱধান কমি যাব আৰু বায়ুমণ্ডলীয় গেছ জুলীয়া অৱস্থালৈ ৰূপান্তৰ হ'ব ।

প্ৰশ্নাৱলী


1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উত্তৰ:
Desert cooler এটাই তাৰ পৰিবেশৰ পৰা বায়ু লয় আৰু কুলাৰৰ ভিতৰত পানীৰ লগত মিহলি কৰে । তীব্ৰ চাপ আৰু বেগৰ বাবে পানীৰ বাষ্পীভৱন হয় । একে সময়তে আৰ্দ্ৰতা বাঢ়ি অহাৰ লগে লগে উষ্ণতা লাহে লাহে কমি যায় । সেয়ে, desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ।

2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উত্তৰ: মাটিৰ কলহত কিছুমান ক্ষুদ্ৰ বিন্ধা থাকে , যাৰ যোগেদি ভিতৰত থকা পানীখিনিৰ বাষ্পীভৱন হয় । পানীৰ কণাবোৰে ভিতৰত থকা পানীখিনিৰ পৰা তাপ গ্ৰহণ কৰে আৰু বাষ্পীভূত হয় । এইদৰে ভিতৰত থকা পানীখিনিয়ে তাপ এৰি দিয়ে আৰু ঠাণ্ডা হৈ থাকে ।

3. হাতৰ তলুৱাত এচিট'ন, পেট্ৰ'ল বা সুগন্ধি আতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়?
উত্তৰ: এচিট'ন, পেট্ৰ'ল বা সুগন্ধি আতৰ আদি হাতত ঢালি ল'লে ইহঁতে হাতৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয় আৰু সেয়ে ঠাণ্ডা অনুভৱ হয় । সেয়ে হাতৰ তলুৱাত এচিট'ন, পেট্ৰ'ল বা সুগন্ধি আতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় ।

4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?
উত্তৰ: গৰম চাহ বা গাখীৰ প্লেটত ৰাখিলে বাষ্পীভৱন সোনকালে হয় আৰু সোনকালে ঠাণ্ডা হয় । সেয়ে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ ।

5. গ্ৰীষ্ম কালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?
উত্তৰ: কপাহে পানী সহজে শোষণ কৰিব পাৰে । কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে । সেয়ে, গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে ।


অনুশীলনী



1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা -
(a) 293 K (b) 470 K
উত্তৰ:
(a) 293 K = (293 - 273) °C = 20 °C

(b) 470 K = (470 - 273) °C = 197 °C


2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা -
(a) 25 ℃ (b) 373℃
উত্তৰ:
(a) 25 °C = (25 + 273) K = 298 K

(b) 373°C = (373 + 273) K = 646 K


3. কাৰণ দৰ্শোৱা -
(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ।

উত্তৰ: নেফথেলিন অতি সহজে উৰ্ধপাতনৰ দ্বাৰা গোটাৰ পৰা গেছলৈ সলনি হয় । গতিকে, খোলা ঠাইত থৈ দিলে নেফথেলিন বল নোহোৱা হৈ যায় ।

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় ।
উত্তৰ: আতৰৰ কণিকাবোৰ বায়ুৰ লগত মিলি যায় আৰু বিয়পি পৰে । গেছৰ কণাবোৰৰ তীব্ৰ গতি আৰু সিহঁতৰ মাজৰ বহুত বেছি ব্যৱধানৰ বাবে ইহঁতৰ অন্য গেছৰ লগত সোনকালে ব্যাপন ঘটে । সেয়ে, আতৰৰ গোন্ধ দূৰৰ পৰাই পোৱা যায় ।

4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন
উত্তৰ:
অক্সিজেন, পানী আৰু চেনি ।

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?
(a) 25°C (b) 0°C (c) 100°C
উত্তৰ: (a) জুলীয়া

(b) গোটা

(c) গেছ

6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা-
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া ।
উত্তৰ:
273 K উষ্ণতাত পানী গোটা অৱস্থাত থাকে আৰু ইয়াৰ কণাবোৰৰ মাজৰ আকৰ্ষণ শক্তি যথেষ্ট বেছি । 373 K উষ্ণতাত পানী গেছীয় অৱস্থা থাকে আৰু ইয়াৰ কণাবোৰৰ মাজৰ আকৰ্ষণীয় বল যথেষ্ট কম হয় । আকৌ, সাধাৰণ উষ্ণতাত পানীৰ কণাবোৰৰ আকৰ্ষণীয় বল বৰফতকৈ কম আৰু পানীৰ ভাপতকৈ বেছি । গতিকে, মাজৰ উষ্ণতাত অৰ্থাৎ সাধাৰণ উষ্ণতাত পানী জুলীয়া অৱস্থাত থাকে ।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰীটো কঠিন ।
উত্তৰ: লোৰ গলনাংক সাধাৰণ উষ্ণতাতকৈ যথেষ্ট বেছি । লোৰ আলমাৰীটোৰ আকাৰ আৰু আকৃতি দৃঢ় আৰু ইয়াৰ আয়তন স্থিৰ । সেয়ে, অলমাৰীটো সাধাৰণ উষ্ণতাত কঠিন ।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰীটো কঠিন ।
উত্তৰ:
লোৰ গলনাংক সাধাৰণ উষ্ণতাতকৈ যথেষ্ট বেছি । লোৰ আলমাৰীটোৰ আকাৰ আৰু আকৃতি দৃঢ় আৰু ইয়াৰ আয়তন স্থিৰ । সেয়ে, অলমাৰীটো সাধাৰণ উষ্ণতাত কঠিন ।

7. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়?
উত্তৰ:
273 K উষ্ণতাত থকা বৰফে ইয়াৰ পৰিৱেশৰ পৰা তাপশক্তি শোষণ কৰি (গলনৰ লীন তাপ), উষ্ণতা স্থিৰ ৰাখি তাৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন ঘটাব আৰু সেয়ে ই কোনো এটা বেছি সময় ঠাণ্ডা কৰি ৰাখিব ।
আনহাতে, 273 K উষ্ণতাৰ পানীয়ে তাপশক্তি শোষণ কৰি তাৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নঘটায় । গতিকে, বৰফে একে উষ্ণতাৰ পানীতকৈ তন্ত্ৰ এটা বেছি ঠাণ্ডা কৰে।

8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব?
উত্তৰ: পানীৰ ভাপে বেছিকৈ পুৰিব কাৰণ পানীৰ ভাপত বাষ্পীভৱনৰ লীনতাপ হিচাপে শক্তি নিহিত হৈ থাকে ।

9. অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া ।