edhasvinilearn. think. grow
  • Home
  • Solutions
  • Videos
  • Blogs

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ class x science

Saturday, April 16, 2022


প্ৰশ্নাৱলী


1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয়?
উত্তৰ:
মেগনেছিয়ামৰ ফিটা এডাল দহনৰ আগত ফিটাডালত লাগি থাকিব পৰা অশুদ্ধিখিনি আতৰ কৰিবৰ বাবে পৰিষ্কাৰ কৰি লোৱা হয় ।
2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।
(i) হাইড্ৰ'জেন + ক্ল'ৰিন ---> হাইড্ৰ'জেন ক্ল'ৰাইড
(ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট ---> বেৰিয়াম
(iii) ছ'ডিয়াম + পানী ---> ছডিয়াম হাইড্ৰ'ক্সাইড + হাইড্ৰজেন
উত্তৰ:
(i) H2H_2 + Cl2Cl_2 ---> HClHCl

বা H2H_2 + Cl2Cl_2 ---> 2HCl2HCl

(ii) BaCl2BaCl_2 + Al2(SO4)3Al_2(SO_4)_3 ---> BaSO4BaSO_4 + AlCl3AlCl_3

বা 3BaCl23BaCl_2 + Al2(SO4)3Al_2(SO_4)_3 ---> 3BaSO43BaSO_4 + 2AlCl32AlCl_3

(iii) Na + H2OH_2O ---> NaOH + H2H_2

বা 2Na + 2H2O2H_2O ---> 2NaOH + H2H_2


3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।
(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰবৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰৱ্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় ।
(ii) ছডিয়াম হাইড্ৰ'ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰক্ল'ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে ।
উত্তৰ:
(i) BaCl2BaCl_2 (aq)+ Na2SO4Na_2SO_4(aq) ---> BaSO4BaSO_4(s) + 2NaCl(aq)

(ii) NaOH(aq) + HCl(aq) ---> NaCl(aq) + H2OH_2O(l)


প্ৰশ্নাৱলী


1. এটা পদাৰ্থ 'X'ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় ।
(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা ।
(ii) পানীৰ সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো লিখা ।
উত্তৰ:
(i) পদাৰ্থ 'X' ৰ নাম কেলছিয়াম অক্সাইড আৰু ইয়াৰ সংকেত CaO ।
(ii) পানীৰ সৈতে CaO য়ে বিক্ৰিয়া কৰিলে কেলছিয়াম হাইড্ৰ'ক্সাইড উৎপন্ন কৰে ।

2. কাৰ্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা ।
উত্তৰ:
কাৰ্যকলাপ 1.7 ত, পানীৰ বিদ্যুৎ বিশ্লেষণ কৰাত এটা পৰীক্ষানলত H2H_2 গেছ আৰু আনটো পৰীক্ষানলত O2O_2 গেছ উৎপন্ন হৈছে ।
2H2OH_2O (l) ---> 2H2H_2 (g) + O2O_2 (g)
ওপৰৰ সমীকৰণটোৰ পৰা, স্পষ্টভাৱে কব পাৰি যে দুটা পানীৰ অনুৰ বিযোজন ঘটি দুটা হাইড্ৰ'জেন গেছৰ অনু আৰু এটা অক্সিজেন গেছৰ অনু উৎপন্ন হৈছে । গতিকে, হাইড্ৰ'জেন গেছৰ পৰিমাণ অক্সিজেনতকৈ দুগুণ ।


প্ৰশ্নাৱলী


1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক'পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়?
উত্তৰ:
লো কপাৰতকৈ বেছি সক্ৰিয় । গতিকে, লোৱে কপাৰক দ্ৰৱটোৰ পৰা অপসাৰিত কৰে আৰু ফেৰাছ ছালফেট যৌগ গঠন কৰে । এই বিক্ৰিয়াৰ ফলত গজালটোৰ ৰং মুগা হৈ পৰে আৰু কপাৰ ছালফেটৰ নীলা ৰঙ পাতল হৈ পৰে ।
Fe (s) + CuSO4CuSO_4 (aq) → FeSO4FeSO_4 (aq) + Cu(s)

2. কাৰ্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া ।
উত্তৰ:
NaOH (aq) + HCl (aq) ---> NaCl (aq) + H2OH_2O (l)

3. তলৰ বিক্ৰিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা ।
(i) 4Na(s) +
O2O_2 (g) → 2Na2ONa_2O(s)
(ii) CuO(s) +
H2H_2 (g) → Cu(s) + H2OH_2O(l)
উত্তৰ:
(i) ইয়াত ছডিয়াম জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে ।

(ii) ইয়াত হাইড্ৰজেন জাৰিত হৈছে আৰু কপাৰ অক্সাইড বিজাৰিত হৈছে ।


অনুশীলনী


1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2 PbO(s) + C(s) ---> 2 Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে ।
(b) কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে ।
(c) কাৰ্বন জাৰিত হৈছে ।
(d) লেড অক্সাইড বিজৰিত হৈছে ।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) সকলো
উত্তৰ:
(i) (a) আৰু (b)

2. Fe2O3Fe_2O_3 + 2Al → Al2O3Al_2O_3 + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসৰণ বিক্ৰিয়াৰ
উত্তৰ:
(d) এটা অপসৰণ বিক্ৰিয়াৰ

3. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।
(a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয় ।
(b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয় ।
(c) বিক্ৰিয়া নঘটে ।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।
উত্তৰ:
(a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয় ।

4. সন্ত্তলিত ৰাসায়িনক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্ত্তুলিত কৰিব লাগে?
উত্তৰ:
এটা ৰাসায়নিক সমীকৰণৰ দুয়ো পক্ষত সমান সমান পৰিমাণৰ পৰমাণু থাকিলে তাক সন্ত্তলিত ৰাসায়িনক সমীকৰণবোলা হয়।

ভৰ নিত্যতা সূত্ৰ অনুসৰি, ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নোৱাৰে । সেয়ে,, ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হব লাগে । সেয়ে


5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।
(a) হাইড্ৰ'জেন গেছে নাইট্ৰ'জেনেৰে সৈতে লগ হৈ এম'নিয়া প্ৰস্তুত কৰে ।
(b) হাইড্ৰ'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰ ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।
(c) বেৰিয়াম ক্ল'ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল'ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধ: ক্ষেপ উৎপন্ন কৰে ।
(d) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ'ক্সাইড আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে ।

উত্তৰ: (i) 3H2H_2 + N2N_2 ---> 2NH3NH_3

(ii) H2SH_2S + 3O2O_2 ---> SO2SO_2 + 2H2OH_2O

(iii) 3BaCl2BaCl_2 + Al2((SO4)3Al_2((SO_4)_3 ---> 2AlCl3AlCl_3 + 3BaSO4BaSO_4

(iv) 2K + 2H2OH_2O ---> 2KOH + H2H_2


6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।
(a) HNO3HNO_3 + Ca(OH)2Ca(OH)_2Ca(NO3)2Ca(NO_3)_2 + H2OH_2O

(b) NaOH + H2SO4H_2SO_4Na2SO4Na_2SO_4 + H2OH_2O

(c) NaCl + AgNO3AgNO_3AgClAgCl+ NaNO3NaNO_3

(d) BaCl2BaCl_2 + H2SO4H_2SO_4BaSO4BaSO_4 + HCl
উত্তৰ: (a) 2HNO3HNO_3 + Ca(OH)2Ca(OH)_2Ca(NO3)2Ca(NO_3)_2 + 2H2O

(b) 2NaOH + H2SO4H_2SO_4Na2SO4Na_2SO_4 + 2H2OH_2O

(c) NaCl + AgNO3AgNO_3 → AgCl + NaNO3NaNO_3

(d) BaCl2BaCl_2+ H2SO4H_2SO_4BaSO4BaSO_4 + 2HCl


7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।
(a) কেলছিয়াম হাইড্ৰ'ক্সাইড + কাৰ্বন ডাই অক্সাইড ---> কেলছিয়াম কাৰ্বনেট + পানী ।
(b) যিংক + ছিলভাৰ ---> যিংক + ছিলভাৰ ।
(c) এলুমিনিয়াম + ক'পাৰ ক্ল'ৰাইড ---> এলুমিনিয়াম ক্ল'ৰাইড + কপাৰ ।
(d) বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট ---> বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড ।
উত্তৰ:
(i) Ca(OH)2Ca(OH)_2 + CO2CO_2 ---> CaCO3CaCO_3 + H2OH_2O

(ii) Zn + 2AgNO3AgNO_3 ---> Zn(NO3)2Zn(NO_3)_2 + 2Ag

(iii) 2Al + 3CuCl2CuCl_2 ---> 2AlCl3AlCl_3 + 3Cu

(iv) BaCl2BaCl_2 + K2SO4K_2SO_4 ---> BaSO4BaSO_4 + 2KCl


8. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা ।
(a) পটেছিয়াম ব্ৰ'মাইড (aq) + বেৰিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্র'মাইড (s)
(b) জিংক কাৰ্বনেট (s) ---> যিংক অক্সাইড (s) + কাৰ্বন ডাই অক্সাইড (g)
(c) হাইড্ৰ'জেন (g) + ক্ল'ৰিন (g) ---> মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্ৰ'জেন (g)
উত্তৰ:
(a) 2KBr (aq) + BaI2BaI_2 (aq) ---> 2KI (aq) + BaBr2BaBr_2 (s)

দ্বি অপসৰণ বিক্ৰিয়া

(b) ZnCO3ZnCO_3 (s) ---> ZnO (s) + CO2CO_2 (g)

বিযোজন বিক্ৰিয়া

(c) H2H_2 (g) + Cl2Cl_2 (g) ---> 2HCl(g)

সংযোজন বিক্ৰিয়া

(d) Mg (s) + 2HCl (aq) ---> MgCl2MgCl_2 (aq) + H2H_2(g)

অপসৰণ বিক্ৰিয়া


9. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।
উত্ত:
তাপবৰ্জী বিক্ৰিয়া: কোনো বিক্ৰিয়াত যদি বিক্ৰিয়াজাত পদাৰ্থৰ লগত তাপৰ উদ্ভৱ হয় তেন্তে সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলা হয় ।
C + O2O_2---> CO2CO_2
তাপগ্ৰাহী বিক্ৰিয়া: যিবোৰ বিক্ৰিয়াত তাপ শোষিত হৈ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলে ।
N2N_2 + O2O_2 +তাপ ---> 2NO

10. শ্বসন এটা তাপবৰ্জি বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা ।
উত্তৰ
: আমাৰ দেহৰ কোষৰ মাইট'কন্দ্ৰিয়াত গ্লুক'জ অনু অক্সিজেনৰ লগ লাগে আৰু শক্তিৰ উৎপন্ন হয় । এই প্ৰক্ৰিয়াটোৰ নাম শ্বসন আৰু ইয়াত শক্তিৰ উদ্ভৱ হয় বাবে ইয়াক তাপবৰ্জি বিক্ৰিয়া বুলি বিবেচনা কৰে হয় ।

C6H12O6C_6H_12O_6 (aq) + 6 CO2CO_2 (g) ---> CO2CO_2 (g) + 6 H2OH_2O (l) + শক্তি


11. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা ।
উত্তৰ:
কোনো বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়কে বিক্ৰিয়া কৰি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিলে তাক সংযোজন বিক্ৰিয়া বোলা হয় আৰু কোনো বিক্ৰিয়াত এটা বিক্ৰিয়কে শক্তি শোষণ কৰি একাধিক বিক্ৰিয়াজাত উৎপন্ন কৰিলে তাক বিযোজন বিক্ৰিয়া বোলা হয় । আকৌ, সংযোজন বিক্ৰিয়াত শক্তিৰ উৎপন্ন হয় আৰু বিযোজন বিক্ৰিয়াত শক্তিৰ শোষণ হয় ।
সেয়ে, বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় ।
সংযোজন বিক্ৰিয়া:
CaO (s) + H2OH_2O (l) ---> Ca(OH)2Ca(OH)_2 (aq)
বিযোজন বিক্ৰিয়া:

CaCO3CaCO_3 (s) + heat ---> CaO (s) +CO2CO_2 (g)


12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ।
উত্তৰ: তাপ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া:
2FeSO4FeSO_4 (s) + তাপ ---> Fe2O3Fe_2O_3 (s) + SO2SO_2 (g) + SO3SO_3 (g)
পোহৰ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া:
2AgCl(s) + পোহৰ ---> 2Ag(s) + Cl2Cl_2(g)
বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া:
2H2OH_2O + বিদ্যুৎ --> 2H2H_2 + O2O_2


13. অপসাৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা ।

উত্তৰ: অপসৰণ বিক্ৰিয়াত মাত্ৰ এটা মৌল অপসাৰিত হয় কিন্তু দ্বিঅপসৰণ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে ।
অপসৰণ বিক্ৰিয়া:

CuSO4CuSO_4 (aq) + Zn (s) ---> ZnSO4ZnSO_4 (aq) + Cu (s)
দ্বি অপসৰণ বিক্ৰিয়া:

Na2SO4Na_2SO_4 (aq) + BaCl2BaCl_2 (aq) ---> BaSO4BaSO_4 (s) + NaCl (aq)

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰে'ট দ্ৰৱৰ পৰা ছিলভাৰৰ আহৰণ কৰোঁতে ক'পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্ৰিয়াটো লিখা ।
উত্তৰ: অপসৰণ বিক্ৰিয়াটো হ'ল-
2AgNO3AgNO_3 + Cu ---> Cu(NO3)2Cu(NO_3)_2 + 2 Ag

15. অধঃক্ষেপন বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা ।

উত্তৰ: কোনো বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ হিচাপে যদি অধঃক্ষেপ উৎপন্ন হয়, তেন্তে সেইবোৰক অধঃক্ষেপন বিক্ৰিয়া বোলা হয় ।

AgNO3AgNO_3 + KCl ---> AgCl + KNO3KNO_3


16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ।
(a) জাৰণ ।
(b) বিজাৰণ ।
উত্তৰ:
(a) জাৰণ: কোনো বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে তাৰ জাৰণ হোৱা বুলি কোৱা হয় ।
যেনে: Cu + H2H_2 ---> CuO + H2OH_2O
(b) বিজাৰণ: কোনো বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন হেৰুৱালে তাক বিজাৰণ হোৱা বুলি কোৱা হয় ।

যেনে: CO2CO_2 + H2H_2 ---> CO + H2OH_2O

17. এটা উজ্জল মুগা ৰঙৰ মৌল 'X' ক গৰম কৰাত ক'লা ৰঙৰ যৌগটোৰ নাম লিখা ।

উত্তৰ: উজ্জ্বল মুগা ৰঙৰ মৌলটো হৈছে কপাৰ আৰু ক'লা ৰঙৰ যৌগটোৰ নাম কপাৰ অক্সাইড ।

18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়?
উত্তৰ: লোৰ বস্তু জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হ'লে বস্তুটোৰ গাত ৰঙচুৱা মুগা বৰণৰ পাউদাৰৰ চামনি পৰিবলৈ লয় । গতিকে, ক্ষয়ৰ পৰা ৰোধ কৰিবৰ বাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় ।

19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?
উত্তৰ: বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় । গতিকে,

20. এটা উদাহৰণেৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ।
(a) ক্ষয়ীভৱন ।
(b) চৰ্বিৰ দুৰ্গন্ধিতা ।

উত্তৰ: (a) ক্ষয়ীভৱন: যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোত ক্ষয়ীভৱন বোলা হয় ।
উদাহৰণস্বৰূপে, লো জলীয় বাষ্প আদিৰ সংস্পৰ্শলৈ আহিলে তাৰ গাত মামৰে ধৰে ।

চৰ্বিৰ দুৰ্গন্ধিতা: যেতিয়া চৰ্বি আৰু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধী হয় । ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় । সাধাৰণতে জাৰণ নঘটিবলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তুত কিছুমান পদাৰ্থ যোগ কৰা হয় । বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় ।
উদাহৰণস্বৰূপে, চিপ্চৰ পেকেটত তেল চৰ্বিযুক্ত খাদ্যবস্তুৰ জাৰণ ঘটি দুৰ্গন্ধ নোলাবৰ বাবে পেকেটবোৰৰ ভিতৰত নাইট্ৰ'জেনৰ দৰে গেছ ভৰোৱা থাকে ।